Section A
Q1. তলৰ যি কোনো এটা বিষয়ত 600 টা শব্দৰ ভিতৰত এখন ৰচনা লিখাঁ: 100 সংস্কৃতি কি কাৰণে গুৰুত্বপূৰ্ণ?
(a) প্ৰাণৱন্ত মহানগৰ (Smart cities) আৰু অনুৎসাহী (Unsmart) নাগৰিক
(b) ন্যায়িক সক্ৰিয়তা বনাম ন্যায়িক আগ্ৰাসন
(c) বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাৰ বীজ অঙ্কুৰণ
(d) 2. তলত দিয়া কথাখিনি মনযোগ সহকাৰে পঢ়াঁ আৰু তাৰ তলত দিয়া আটাইবোৰ প্ৰশ্নৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ 1/2 । 12×5 = 60 প্ৰায়েই কোৱা হয় যে তিৰোতাই আকাশখনৰ আধা আগুবি থাকে। আমি আৰু এখোজ আগুৱাই গৈ যুক্তিবে প্ৰতিষ্ঠা কৰিব পাৰোঁ যে তেওঁলোকে তাতকৈ বেছি আগুৰি আছে। কিন্তু বাস্তৱত সম্পূৰ্ণ ওলোটা। বুৰঞ্জীৰ বিভিন্ন যুগত, বিভিন্ন দেশ আৰু সমাজত, বিভিন্ন ভাষা, জাতি, জনজাতি আৰু সম্প্ৰদায়ৰ মাজত তিৰোতাসকল প্ৰায় সকলো ক্ষেত্ৰতে পুৰুষসকলৰ তুলনাত অৱহেলিত আৰু সমান সা-সুবিধাৰ পৰা বঞ্চিত। তেওঁলোকক একো একোগৰাকী স্বয়ংসম্পূৰ্ণ, মৰ্যদাসম্পন্ন, স্ব-সিদ্ধান্ত ল’বৰ যোগ্য ব্যক্তি বুলি গণ্য কৰা নহয়। তাৰ সলনি তেওঁলোকক পুৰুষৰ আহিলা হিচাপেহে গ্ৰাহ্য কৰা হয় আৰু কেৱল যৌন সম্ভোগ, প্ৰজনন, শিশুৰ প্ৰতিপালন আৰু ঘৰৰ যাৱতীয় কাম-কাজৰ সহায়িকা হিচাপেহে গণা কৰা হয়। তেওঁলোক যেন মাতৃ, পত্নী আৰু কন্যা হিচাপেহে সমাজৰ লাগতিয়াল অঙ্গ। অন্যথাই তেওঁলোক অলাগতিয়াল। একাকী জীৱন-যাপন কৰা তিৰোতাবিলাক এই যান্ত্ৰিকতাৰ বাহিৰত। এওঁলোকৰ ভিতৰত আছে—বিবাহযোগ্য বয়স অতিক্ৰম হোৱাৰ পাছতো যাৰ বিয়া হোৱা নাই, যাৰ বিবাহ বিচ্ছেদ হৈছে আৰু যিসকলে দুৰ্ভাগ্যবশত স্বামীক হেৰুৱাইছে। ‘পুৰুষৰ ৰক্ষণা-বেক্ষণ আৰু নিৰাপত্তা’ নোহোৱা তিৰোতাৰ প্ৰতি বিশেষকৈ বিয়া নোহোৱাকৈ থকা অথবা স্বামীক হেৰুওৱা তিৰোতাৰ প্ৰতি সমাজ সদয় অথবা সহৃদয় নহয়। পুৰুষৰ ছত্ৰছায়াত নথকা বা থাকিব নোখোজা তিৰোতাসকলৰ প্ৰতি পুৰুষসকলৰ সকলোতকৈ বেছি বিৰক্তি। উন্নয়নশীল দেশবোৰত তিৰোতাই শতকৰা ৬০ৰ পৰা ৮০ ভাগ পৰ্যন্ত আৰু সমগ্ৰ বিশ্বত প্ৰায় আধা পৰিমাণৰ খাদ্য উৎপাদন কৰে। ঘৰতো তেওঁলোকেই খাদ্য প্ৰস্তুত আৰু পৰিবেশনৰ কাম কৰে তথাপিও ভাৰতবৰ্ষত সাংস্কৃতিক আৰু সামাজিক পৰম্পৰা ৰক্ষা কৰি তিৰোতাসকলেই শেষত খায়, কম পৰিমাণে খায়, আৰু কেতিয়াবা খাদ্য-সামগ্ৰী কম হোৱা কাৰণে নোখোৱাকৈও থাকে। ঘৰত পৰ্যাপ্ত পৰিমাণৰ আহাৰ থাকিলেও পুষ্টিকৰ আহাৰ তিবোতা আৰু ছোৱালীৰ ভাগত নপৰে। একাকী জীৱন কটোৱা তিৰোতাসকলে এই ক্ষেত্ৰত আৰু অধিক অসুবিধাৰ সন্মুখীন হয়। যদিও একাকী হৈও তিৰোতাসকলে জীবনত তেওঁলোকক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ পৃথিৱীৰ অল্পসংখ্যক দেশৰ ভিতৰত এখন, য’ত তিবোতা আৰু ছোৱালীৰ সংখ্যা পুৰুষ আৰু ল’ৰাতকৈ কম। ভাৰতৰ জনসংখ্যাত তেওঁলোকৰ অনুপাত কমি আহিছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে তিৰোতাৰ সংখ্যা ১৩৩। যদি তিৰোতা আৰু ছোৱালীক জীয়াই থকাৰ আৰু জীৱনৰ সকলো অধিকাৰ আৰু সা-সুবিধা পুৰুষৰ সমানে দিয়া হয়, তেনেহ'লে পুৰুষ আৰু তিৰোতাৰ অনুপাত প্ৰায় সমান হ'ব। যোৱা ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত তিৰোতা আৰু ছোৱালীৰ সংখ্যা পুৰুষ আৰু ল’ৰাৰ তুলনাত ৩৫ নিযুত কম। ২০১১ চনৰ লোকপিয়লত এই লিংগ অনুপাত সামান্য উন্নত হৈছে : তিৰোতাৰ অনুপাত ৯৪০ হৈছে গৈ। ইয়াৰ ভিতৰতে এটা চিন্তাৰ কাৰণ হৈ উঠিছে যে শূন্যৰ পৰা ছয় বছৰীয়া শিশুৰ মাজত ছোৱালীৰ অনুপাত ক্ৰমশঃ হ্ৰাস পাই আহিছে; ২০০১ চনত প্ৰতি হেজাৰত ছোৱালী আছিল ৯২৭ আৰু ২০১১ত সি হৈছে গৈ ৯১৪। এইটোৱে ইয়াকে প্ৰমাণিত কৰে যে সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা, ক্ৰমবৰ্ধমান তথ্য-প্ৰযুক্তিৰ প্ৰয়োগ, লিংগ-বৈষম্য, অৱহেলা আৰু হিংসাত্মক প্ৰবৃত্তিয়ে বহু নিযুত কন্যা শিশুৰ জীৱন-বন্তি অকালতে নিৰ্বাপিত কৰিছে। ভাৰতীয় সমাজে নানা উপায়ে আৰু নিয়মিতভাৱে ছোৱালী আৰু তিৰোতাক হত্যা কৰি আহিছে। M-ESC-CH-ASM/12 \mathbf2