Section A
Q1. তলৰ যি কোনো এটিৰ বিষয়ে 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখাঁ : 100 শিশুৰ পুষ্টিহীনতাৰ সমস্যা
(a) বিশ্বশান্তিৰ প্ৰত্যাহ্বান
(b) মাতৃভাষা আৰু প্ৰাথমিক শিক্ষা
(c) ভেৰোণীয়া মাতৃত্বৰ সামাজিক স্বীকৃতি
(d) 2. তলত উদ্ধৃত ৰচনাখণ্ড মনোযোগেৰে পঢ়াঁ আৰু তাৰ আধাৰত প্ৰশ্নসমূহৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ কৰাঁ : 12×5 = 60 প্ৰাচীন ভাৰতত ৰাজতন্ত্ৰ ইমানেই প্ৰভাৱশালী আছিল যে ৰজাক ৰাজ্যৰ আত্মা বুলি কোৱা হৈছিল। প্ৰাচীন ধৰ্মশাস্ত্ৰ অনুসৰি ৰজা প্ৰজাৰ বাবে ঈশ্বৰৰ প্ৰতিনিধি, যাৰ সহায়ত প্ৰজাই তেওঁলোকৰ দুখী জীৱনৰ পৰা পৰিত্ৰাণ পাব পাৰে। ৰজাবিহীন সমাজৰ জীৱন বৰ দুৰ্দশাপূৰ্ণ। প্ৰাচীন ভাৰতীয় বিদ্বানসকলে সময়ে সময়ে ৰজা আৰু ৰাজ্যৰ উৎপত্তি সন্দৰ্ভত নিজা মত আগবঢ়াইছে। তেওঁলোকৰ মতবোৰ বিভিন্ন সিদ্ধান্তৰ ৰূপত নিৰ্ধাৰিত কৰা হৈছে, যেনে, দৈৱিক সিদ্ধান্ত, শক্তিৰ সিদ্ধান্ত, সুৰক্ষাৰ সিদ্ধান্ত, সামাজিক বুজা-পৰাৰ সিদ্ধান্ত ইত্যাদি। কৌটিল্যই ৰাজ্যক এক গুৰুত্বপূৰ্ণ, আৱশ্যকীয় আৰু কল্যাণকামী অনুষ্ঠান হিচাপে গণ্য কৰিছিল। তেওঁ ৰজাৰ উৎপত্তি সন্দৰ্ভত কোনো ক্ৰমাদিত বিশ্লেষণ কৰা নাছিল, কিন্তু তেওঁ ‘অৰ্থশাস্ত্ৰ’ত স্পষ্টকৈ উল্লেখ কৰিছে যে, ডাঙৰ মাছে সৰু মাছক ভক্ষণ কৰাৰ দৰেই শক্তিমন্তই দুৰ্বলীক উৎপীড়ন কৰে। এনেধৰণৰ অন্যায়, ‘মৎস্যন্যায়’ৰ দ্বাৰা প্ৰজা পীড়িত হৈছিল। উৎপীড়িত জনতাই সন্মিলিতভাৱে তেওঁলোকৰ মাজৰ যোগ্য ব্যক্তি এজনক ৰজা নিৰ্বাচিত কৰিছিল। তেওঁলোকে ঠিক কৰিছিল যে ৰজাক তেওঁলোকৰ কৃষিজাত উৎপাদনৰ ছয় অংশ আৰু বাণিজ্যিক আয়ৰ দহ অংশ দিব। বিনিময়ত ৰজাই প্ৰজাৰ কল্যাণৰ দায়িত্ব ল’ব। ৰজাই সৃষ্টি কৰা নিয়মবোৰ নমনা লোকক তেওঁ শাস্তি বিহিছিল। ইন্দ্ৰ আৰু যমৰ দৰে ৰজা আছিল প্ৰজাৰ ৰক্ষক, পালক তথা কৃপাকৰ্তা। কৌটিল্যৰ মতে ৰজাক অমান্য তথা অৱমাননা কৰাটো নিষিদ্ধ আছিল। ৰজাই সুৰক্ষা দিয়া সমাজ এখনত মানুহে ঘৰৰ দুৱাৰ খোলা ৰাখি নিৰ্ভয়ে চলা-ফিৰা কৰিব পাৰিছিল। সমাজত ৰজাৰ সুৰক্ষা যেতিয়া থাকে, মূল্যবান অলংকাৰ পিন্ধি মহিলাই অকলে বাটলৈ ওলাব পাৰে। ৰজাৰ সুৰক্ষা থকা সমাজ এখনত মানৱতাৰ নীতি বৰ্তি থাকে। আৰু এনে ৰাজ্য সকলো দিশৰ পৰাই সমৃদ্ধিশালী হৈ উঠে। প্ৰাচীন ভাৰতৰ অন্যান্য গ্ৰন্থাদিৰ লগতে কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’তো এই সত্য প্ৰতিপাদিত কৰা হৈছে। পূৰ্বে ৰজাৰ পদ স্থায়ী নাছিল আৰু ৰজাৰ ক্ষমতাও অনিয়ন্ত্ৰিত নাছিল। কিন্তু উত্তৰ-বৈদিক কালত যেতিয়া ৰাজ্যৰ পৰিসৰ বৃদ্ধি পালে, ৰজাৰ অধিকাৰ আৰু গৰিমাও বাঢ়ি গৈ থাকিল। প্ৰজাৰ সুৰক্ষাতকৈ ৰজাৰ সুৰক্ষাইহে অধিক গুৰুত্ব পালে। ৰজাৰ পদবীটোৰ মৰ্যাদা অনুপাতে ৰজাজনৰ আভিজাত্য তথা জাকজমকতাৰ প্ৰদৰ্শন বৃদ্ধি পালে। ‘শুক্ৰ সিদ্ধান্ত’ বা ‘শুক্ৰ নীতি’ত ইয়াৰ বিস্তৃত বৰ্ণনা পোৱা যায়। ৰজা আৰু ৰাজ্যৰ প্ৰাচীন ভাৰতৰ ধাৰণাৰ বিষয়ে লিখাঁ।
(a) 'মৎস্যন্যায়'ক অন্যায় বুলি কোৱাটোৱে কি বুজাইছে?
(b) ৰজা আৰু প্ৰজাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ আধাৰ কি?
(c) ‘মানৱতাৰ নীতি'ৰ অৰ্থ কি?
(d) উত্তৰ-বৈদিক কালত প্ৰজাৰ স্থিতিৰ কি পৰিৱৰ্তন সাধিত হৈছিল?
(e) HXS-C-ASSM/25 2