Section A
Q1. তলত দিয়া যি কোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখাঁ: 100
(a) নৱীকৰণীয় শক্তি : সম্ভাৱনা আৰু প্ৰত্যাহ্বান
(b) যোগাযোগ বিপ্লৱৰ তাৎপৰ্য ক্ৰীড়াৰ বৰ্ধিত বাণিজ্যিকীকৰণ
(d) স্বাস্থ্যৰ ওপৰত খাদ্যাভ্যাসৰ প্ৰভাৱ 2. তলত দিয়া কথাখিনি ভালদৰে পঢ়াঁ আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ দিয়াঁ : 12×5 = 60 ঔপনিৱেশিক শাসন অগণন পৰিসংখ্যা আৰু তথ্যৰ ওপৰত আধাৰিত আছিল। ইংৰাজসকলে নিজৰ ব্যৱসায় চলাই থাকিবৰ বাবে ব্যৱসায়িক গতিবিধিৰ বিস্তৃত তথ্যৰ হিচাপ ৰাখিছিল। বাঢ়ি অহা চহৰৰ জীৱনৰ গতি আৰু দিশৰ ওপৰত নজৰ ৰাখিবলৈ তেওঁলোকে নিয়মীয়াভাৱে নিৰীক্ষণ কৰিছিল, পৰিসংখ্যাগত তথ্য একত্ৰিত কৰিছিল আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰী প্ৰতিবেদন প্ৰকাশ কৰিছিল। আৰম্ভণিৰ সময়ৰ পৰাই ঔপনিৱেশিক চৰকাৰখনে মানচিত্ৰ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। চৰকাৰখনে বিশ্বাস কৰিছিল যে কোনো ঠাইৰ নিৰ্মাণকাৰ্য আৰু ভৌগোলিক অৱয়ব বুজিবৰ বাবে মানচিত্ৰৰ প্ৰয়োজন আছে। এই তথ্যৰ সহায়ত তেওঁলোকে সেই অঞ্চলৰ ওপৰত অধিক সুচলতাৰে নিয়ন্ত্ৰণ বৰ্তাই ৰাখিব পাৰিছিল। চহৰৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে তেওঁলোকে কেৱল সেইবোৰৰ বিকাশৰ পৰিকল্পনা তৈয়াৰ কৰাৰ কাৰণেই নহয় বৰং ব্যৱসায়িক বিস্তাৰ আৰু নিজৰ প্ৰভুত্ব শক্তিশালী কৰাৰ বাবেও নক্সা তৈয়াৰ কৰি যাবলৈ ধৰিলে। চহৰৰ মানচিত্ৰসমূহৰ পৰা আমি সেই ঠাইৰ পাহাৰ-পৰ্বত, নদ-নদী আৰু সেউজ ভূমিৰ উমান পাওঁ। সুৰক্ষাৰ উদ্দেশ্যে পৰিকল্পনা প্ৰস্তুত কৰাত এই আটাইবোৰ যথেষ্ট সহায়ক হয়। ইয়াৰ উপৰি পাৰ-ঘাট, বাসন্থানৰ ঘনত্ব আৰু গুণাগুণ তথা ৰাস্তা-পথৰ অৱস্থিতি আদিৰ দ্বাৰা সেই অঞ্চলৰ ব্যৱসায়িক সম্ভাৱনাৰ বিষয়ে জানিবলৈ আৰু কৰ (টেক্স ব্যৱস্থা) সংগ্ৰহৰ কৌশল প্ৰস্তুত কৰিবলৈ মানচিত্ৰই সহায় কৰে। উনবিংশ শতিকাৰ শেষৰ ফালৰ পৰা ইংৰাজসকলে নগৰপালিকা কৰ আদায় কৰাৰ জৰিয়তে চহৰসমূহৰ উন্নয়নৰ অৰ্থে ধন সংগ্ৰহ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰি দিছিল। এই প্ৰচেষ্টাত সংঘাতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁলোকে নিৰ্বাচিত ভাৰতীয় প্ৰতিনিধিৰ ওপৰতো দায়িত্ব অৰ্পণ কৰিছিল। এনেদৰে একাংশ প্ৰতিনিধিৰে গঠিত নগৰনিগমৰ দৰে অনুষ্ঠানসমূহৰ উদ্দেশ্য আছিল পানী যোগান, নিষ্কাশন, বাট-পথ নিৰ্মাণ আৰু স্বাস্থ্য ব্যৱস্থাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ আগবঢ়োৱা। আনহাতে নগৰনিগমসমূহৰ কাম-কাজৰ গতিবিধিসমূহৰ দ্বাৰা কিছু নতুন অভিলেখ সৃষ্টি হ’ল, যিবোৰ ৰেকৰ্ড ৰুমত সযতনে সংৰক্ষণ কৰি ৰখা হ'ল। চহৰসমূহৰ সম্প্ৰসাৰণৰ ওপৰত চকু ৰাখিবৰ বাবে নিয়মীয়াভাৱে জনসংখ্যাৰ হিচাপ ৰখা হৈছিল। ঊনবিংশ শতিকাৰ মাজভাগলৈকে বিভিন্ন অঞ্চলৰ কেইবাখনো ঠাইত স্থানীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হৈছিল। 1872 চনত অখিল ভাৰতীয় জনগণনাই সৰ্বপ্ৰথমে এনে প্ৰয়াস হাতত লৈছিল। ইয়াৰ পাছত 1881 চনৰ পৰা দশকীয় (প্ৰতি 10 বছৰৰ মূৰে মূৰে হোৱা) জনসংখ্যা গণনা এক নিয়মিত ব্যৱস্থাত পৰিগণিত হ’ল। ভাৰতবৰ্ষত নগৰীকৰণৰ অধ্যয়ন কৰিবৰ বাবে জনসংখ্যা গণনাৰ পৰা প্ৰাপ্ত তথ্যসমূহ এক মূল্যবান উৎসত পৰিণত হ'ল। CRNA-C-ASSM/1 2