Section A
Q1. তলত দিয়া যি কোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখা : 100
(a) সৃষ্টিশীলতাৰ পোষকতা কৰা শিক্ষাৰ আৱশ্যকতা
(b) ভাৰতত বন্যজীৱন সংৰক্ষণৰ প্ৰত্যাহ্বানসমূহ কৈশোৰ মনস্তত্ত্বত বোলছবিৰ প্ৰভাৱ
(d) বিশেষভাৱে সক্ষমসকলৰ সৱলীকৰণ 2. তলত দিয়া কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপত উত্তৰ দিয়া : 12× 5 = 60 কেইহাজাৰমান বছৰৰ আগলৈকে পৃথিৱীত মানৱ আছিল কেৱল চিকাৰী। নৱপ্ৰস্তৰ যুগৰ আগলৈকে কৃষিৰ বাবে একেঠাইতে ছিৰ হ’বলৈ মানুহে আৰম্ভ কৰা নাছিল। খাদ্যৰ সন্ধানত বিশাল অঞ্চলত অনাই-বনাই ফুৰাতকৈ কেৱল ভূমি ব্যৱহাৰ কৰিয়েই তেওঁ খাদ্যৰ যোগান বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। এইদৰে আজিলৈকে তেওঁ কৃষি-পদ্ধতিৰ উন্নতি কৰিবলৈ ধৰিলে, ইতিমধ্যে ভূমিয়ে যিমান দিছিল তাতোকৈ অধিক পৰিমাণে উন্নত মানৰ উৎপাদন কৰাত সক্ষম হ’ল। কিন্তু, যদি সমুদ্ৰৰ কথা কোৱা হয়, তেওঁ এতিয়াও এজন চিকাৰীয়েই। তেওঁ মাছ আৰু অন্যান্য সামুদ্ৰিক প্ৰাণী ধৰে যদিও সিহঁতৰ বিকাশ আৰু যোগানৰ বাবে বিশেষ একো নকৰে। দেখা যায় যে এই সামুদ্ৰিক মৃগয়াই তেওঁক প্ৰচুৰ পৰিমাণে পুষ্টিকৰ প্ৰোটিনৰ যোগান ধৰে। কৃষিৰ পৰা লাভ কৰা প্ৰোটিনৰ ই পৰিপূৰকৰ কাম কৰে। কিন্তু পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহক সোনকালেই প্ৰয়োজন হ’ব সমুদ্ৰই এতিয়া দান কৰাতকৈ অধিক পৰিমাণৰ প্ৰোটিন, বিশাল কিন্তু অফুৰন্ত নোহোৱা সেই ভাণ্ডাৰ শূন্য হৈ পৰাৰ বাবে বিপদত পৰিব—যেতিয়ালৈকে মানুহে সমুদ্ৰ-খেতিৰ যথোপযুক্ত প্ৰয়োগেৰে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ নকৰে। পুখুৰী, হ্ৰদ, বিশেষকৈ হাইড্ৰ'ইলেকট্ৰিক প্ৰকল্পবোৰৰ বান্ধবোৰে সৃষ্টি কৰা কৃত্ৰিম হ্ৰদবোৰত মৎস্য খেতিৰ ক্ষুদ্ৰ আঁচনি ইতিমধ্যে সফলতাৰে চলাই যোৱা হৈছে। ইতিমধ্যে নিৰ্মল পানীৰ মাছ পোহা পুখুৰীত কৰা উৎপাদনৰ যোগেদি প্ৰোটিনৰ যোগান বৃদ্ধি কৰা হৈছে, তাৰে কিছুমানৰ গাঁও অঞ্চলত কৃষি বিষয়াৰ তত্ত্বাৱধানত উন্নতিও ঘটিছে। মাছ পালন কৰা পুখুৰীত এবাৰ যেতিয়া মাছৰ পোনা সংৰক্ষণ কৰা হয়, মাছবোৰক বাঢ়িবলৈ উপযুক্ত পৰিৱেশ দিয়াটো সূচল হৈ পৰে, সিহঁতে যাতে সুষম খাদ্য খাবলৈ পায় তালৈকো মন দিব পাৰি। সকলো জল-আহাৰৰ আধাৰ হ'ল প্লাংকটন নামৰ অতিশয় ক্ষুদ্ৰ, পানীত ভাহি থকা উদ্ভিদ আৰু প্ৰাণীবোৰৰ বিশাল সংখ্যা। সৰু মাছবোৰে এইবোৰ খায় আৰু প্ৰতিদানত ডাঙৰ মাছৰ আহাৰৰূপে নিজকে নিয়োজিত কৰে। যিহেতু সমুদ্ৰত থকা কিছুমান বিশেষ খনিজ পদাৰ্থৰ ওপৰত প্লাংকটনৰ বৃদ্ধি নিৰ্ভৰ কৰে, পানীত অতিৰিক্ত সাৰ যোগানৰ দ্বাৰা প্লাংকটনৰ সংখ্যা বৃদ্ধি কৰিব পাৰি। যি কি নহওক, সমুদ্ৰত প্ৰয়োগ কৰিবলৈ সুচল হোৱাকৈ আৰু লাভজনকভাৱে মংস্য-খেতি কৰাৰ আগতে কেইটামান সমস্যাৰ সমাধান কৰি ল’ব লাগিব। উদাহৰণ স্বৰূপে, সাগৰৰ কোনো এটা অংশত সাৰ প্ৰয়োগ কৰাৰ কোনো উপযোগিতা নাথাকিব, যদিহে সেই সাৰখিনিক সাগৰীয় সোঁতে মাইলৰ পিছত মাইল জোৰা উৎপাদন-অক্ষম পানীত সিঁচৰতি কৰি দিয়ে। যদিওবা মাছ-খেতিয়কে সাৰখিনিক এটা নিৰ্দিষ্ট এলেকাত আবদ্ধ কৰি ৰাখিব পাৰে, তথাপিও তেওঁ ‘নিজৰ’ মাছবোৰক, যিবোৰক সেই সাৰ খুৱাই ডাঙৰ কৰা হৈছে, সেই এলেকাত বেষ্টনী দি থ’বলৈ এটা উপায় উলিয়াব লাগিব। নিজৰ সৰ্বোচ্চ ব্যয়ৰ ফল পাবৰ বাবে যিখিনি মাছক খুৱাব লাগে তাৰ কাৰণে আহাৰ ৰাখি থোৱাৰ এটা উপায়ো তেওঁ বিচাৰি উলিয়াব লাগিব। একপ্ৰকাৰৰ ‘নিৰোৱা’ কামো তেওঁ কৰিব লাগিব—‘তেওঁৰ’ মাছবোৰৰ সাগৰীয় খাদ্যত ভাগ লোৱা অন্যান্য অখাদ্য জল-জীৱবোৰ বাছি আঁতৰাই পেলাব লাগিব। দেখাতেই এই সমস্যাসমূহৰ সমাধান বৰ সহজ নহয়, বিশেষকৈ যেতিয়া আমি সমুদ্ৰৰ বিশালতাৰ কথা মনত পেলাওঁ, যি ভূপৃষ্ঠৰ চাৰিভাগৰ তিনিভাগ অধিকাৰ কৰি আছে। আৰু সমুদ্ৰৰ পানীভাগ পুখুৰী আৰু কিছুমান হ্ৰদৰ পানীৰ বিপৰীতে, সোঁতৰ বাবে অবিৰাম আন্দোলিত হৈ থাকে। খুব সম্ভৱ এই সমস্যাসমূহৰ সমাধান লাহে লাহে ওলাব। অদূৰ ভৱিষ্যতত মানুহে নিশ্চয় ক্ষুদ্ৰ আঁচনিৰে মহাসাগৰৰ দাঁতিকাষৰীয়া অগভীৰ জলভাগত মাছ পালনৰ কাম আৰম্ভ কৰিব। তেতিয়া SDF-C-ASSM/32 \overline2