Section A
Q1. তলত দিয়া যি কোনো এটা বিষয়ত 600 শব্দৰ ভিতৰত এখন ৰচনা লিখা: 100 ভাৰতবৰ্ষত স্বাস্থ্য সেৱাৰ স্থিতি
(a) ভাৰতীয় কৃষক আইন, 2020ৰ প্ৰাসংগিকতা
(b) ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), 2020ৰ প্ৰত্যাহ্বানসমূহ
(d) সাম্প্ৰতিক সময়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ উপযোগিতা 2. তলৰ কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষিপ্ত উত্তৰ লিখা : 12×5 = 60 জীৱন আৰু পৰিৱেশ এটা আনটোৰ লগত নিবিড়ভাৱে জড়িত। জীৱজগতৰ প্ৰতিটো জীৱৰ জীৱন পৰিৱেশৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। সেয়েহে আমাৰ মন, শৰীৰ, দক্ষতা, শক্তি-সামৰ্থ্য আৰু অদ্বিতীয় বৈশিষ্ট্যবোৰ পৰিৱেশৰ দ্বাৰাই বিকশিত আৰু লালিত-পালিত হয়। প্ৰকৃতাৰ্থত জীৱন আৰু পৰিৱেশ 'ইমানেই ওতপ্ৰোতভাৱে জড়িত যে দুয়োৰে সহাৱস্থান অপৰিহাৰ্য। পৰিৱেশ হ’ল প্ৰকৃতিপ্ৰদত্ত এখনি জীৱনদায়িনী আৰু প্ৰতিপালনকাৰী ৰক্ষাকৱচ। পৰিৱেশৰ উৎস প্ৰকৃতিতে বিচাৰি পোৱা যায়। প্ৰকৃতিয়ে উদাৰভাৱে আমাক ভূ-তল, অৰণ্য, পৰ্বত-পাহাৰ, মৰুভূমি, মুকলি পথাৰ আৰু উপত্যকা, বাৰেবৰণীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকতি আৰু স্বচ্ছ আৰু পৰিষ্কাৰ পানীৰে পূৰ্ণ নদ-নদী আৰু জ্ঞান-জুৰি প্ৰদান কৰিছে। এইবোৰৰ লগতে শীতল সুবাসিত বতাহ, বৰষুণেৰে জীৱন সমৃদ্ধ কৰা মেঘো প্ৰকৃতিৰে অংশ। প্ৰকৃতিৰ এই উপহাৰসমূহে মানৱজীৱন শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী কৰিবলৈ এক ভাৰসাম্য পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে। কিন্তু এই প্ৰাকৃতিক পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সঘনাই বিনষ্ট হৈ থাকে। আশ্চৰ্যকৰভাৱে মনকৰিবলগীয়া যে মানুহে প্ৰকৃতিপ্ৰদত্ত উপহাৰসমূহৰ নিৰ্বিচাৰে আৰু নিৰ্মোহভাৱে অপপ্ৰয়োগ কৰিবলৈ লৈছে যাৰ ফলত সমগ্ৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি তন্ত্ৰ ভাৰসাম্যহীন হৈ পৰিছে। হয়তো শত-শত বছৰ পুৰণি হিমযুগ উভতি আহিবলৈ অথবা মেৰু প্ৰান্তত জমা হৈ থকা বৰফৰ ডাঠ আৱৰণ গলি গৈ সৃষ্টি হোৱা বিধ্বংসী তৰংগমালাই নগৰ-চহৰ, অৰণ্য-পৰ্বত, জীৱ-জন্তু, কীট-পতংগ সকলোকে নিঃশেষ কৰি পেলাবলৈ বেছি দিন নাই। পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু প্ৰদূষণ নিশ্চয়কৈ আমাৰেই কুকৰ্ম আৰু আমিয়ে সৃষ্টি কৰা। এই ভাৰসাম্যহীনতাৰ বাবে মাটি, বায়ু, পানী, শব্দ প্ৰদূষণৰ সৃষ্টি হয়। প্ৰদূষণ শ্বাসজনিত অসুস্থতা, হৃদপিণ্ড আৰু পাকন্থলীৰ ৰোগ, দৰ্শন আৰু শ্ৰৱণৰ অক্ষমতা, মানসিক অম্বিৰতা আৰু চাপজনিত অন্যান্য ৰোগৰ কাৰক। আমি সকলোৱে জানো যে জীৱন আৰু প্ৰকৃতিৰ মাজত সুসমতা থকাটো অত্যাৱশ্যকীয়। সেয়া নিশ্চিত কৰিবলৈ পৃথিৱীখন কেৱল উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকিলে নহ’ব, তাৰ লগে লগে সমপৰিমাণৰ তৃণভোজী জন্তুও থাকিব লাগিব। তৃণভোজী জন্তুৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ সেই অনুপাতে মাংসভোজী জন্তুও আছে। এই তিনিটাৰ অনুপাত এনেভাৱে ভাৰসাম্যপূৰ্ণ আৰু নিয়ন্ত্ৰিত অৱস্থাত আছে। বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ সৈতে আধুনিক যুগৰ অৱতাৰণৰ লগে লগে ঔদ্যোগিক কাম-কাজ, বিকাশ আৰু প্ৰসাৰৰ বাবে জনবিস্ফোৰণো সংঘটিত হৈছে। ‘‘জীৱন আৰু পৰিৱেশ এটা আনটোৰ লগত নিবিড়ভাৱে জড়িত।’’ এই উক্তিটোৰ বিষয়ে মতামত আগবঢ়োৱা।
(a) প্ৰকৃতি আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি?
(b) প্ৰকৃতিৰ ভাৰসাম্য কিদৰে পৰিৱেশ সৃষ্টি কৰে?
(c) পৰিৱেশৰ ভাৰসাম্যহীনতাৰ বাবে কেনেধৰণৰ বিপদ সংঘটিত হ’ব পাৰে?
(e) পৰিৱেশ প্ৰদূষণৰ বাবে কি কি ৰোগ হ'ব পাৰে? URC-C-ASSM/39 \overlinea